সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬২
চতুৰ্থস্কন্ধ


শ্ৰবণে কীৰ্ত্তনে কৰে কলুষ খণ্ডন।
কৰ্ণৰ তৃপিতি সাধে পৰম উত্তম॥
কহয় গোপাল চিন্তি গোবিন্দৰ পদ।
বোলা ৰাম ৰাম ডাকি খন্দোক বিপদ॥

মহেশৰ শঙ্খচূড় নগৰে গমন।
পদ।

নাৰায়ণ বদতি নাৰদ তপোধন।
ব্ৰহ্মা শিব আদি পাচে যত দেবগণ॥
শঙ্খচুৰ ৰাজধানী যথাতে আছিল।
দানব বিনাশ হেতু তথাকে চলিল॥
চন্দ্ৰভাগা তীৰে মনোহৰ বটমূলে।
পঞ্চ নদ নামে খ্যাত ধৰণী মণ্ডলে॥
দেব উপকাৰ লাগি দেব পঞ্চানণ।
সেহি বটবৃক্ষ তলে কৰিল আসন॥
তৈতে বসি চিত্ৰৰথ গন্ধৰ্ব্বে পাঞ্চিল।
দূতৰূপে শঙ্খচূড় সমীপে পঠাইল॥
সৰ্ব্বেশ্বৰ আজ্ঞা লভি পাচে চিত্ৰৰথ।
শীঘ্ৰ উত্তৰিল শঙ্খচুড় নগৰত॥