পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬১
শ্ৰীদেবীভাগবত।

কবচ থাকিলে মৃত্যু নাসে তাৰ কাছে।
কবচ প্ৰভাবে সিটো বিজয় সৰ্ব্বত্ৰে॥
যতক্ষণ আছে কণ্ঠে হিংসন্তায়ো নাই।
কোনোমত অস্ত্ৰে শস্ত্ৰে দেহ নেভেদয়॥
বিপ্ৰৰূপ ধৰি মই কবচ মাগিবো।
কবচ আনিয়া তাক নিব্বীৰ্য্য কৰিবো॥
তাত পাচে তাৰ ৰূপে তাৰ ঘৰে গই।
তুলসীৰ সতী নষ্ট যেবে কৰো মই॥
সেহিকালে শঙ্খচূড় মৰিবে বিধাতা।
এতি বৰ পূৰ্ব্বে তাক দিয়াছো সৰ্ব্বথা॥
তাৰ পত্নী গৰ্ভে যেবে বীৰ্য্যকৰো পাত।
ঘটিবে তাহাৰ মৃত্যু কহিলো নিশ্চিত॥
দেহ ত্যাগি তুলসী হুইবে মোৰ প্ৰিয়া।
পূৰ্ব্বৰ ৰহস্য ইটো কৈলো বিস্তাৰিয়া॥
এত বুলি শিব হাতে শূল আনি দিল।
মহেশক শূল দিয়া অন্তপুৰে গৈল॥
ব্ৰহ্মা ৰুদ্ৰ আগ কৰি দেবতা সকল।
ভাৰত ভূমিত সবে আসি উত্তৰিল॥
শঙ্খচুড় বন্ধু নাম উনবিংশ অধ্যা।
পৰম গহণ ভাগবত বাস বাখ্যা॥