পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬০
চতুৰ্থ স্কন্ধ।

পাচে আমি সকলোকে মাতি বুঝাইলো
ৰাধামুক্ষে সমস্তকে আশ্বাস কৰিলো॥
গোলোকৰ অৰ্দ্ধ ক্ষনে এক মন্বন্তৰ।
পুনু আসিবন্ত হেথা এত দিন পৰ॥
গোলোকৰ অৰ্দ্ধ ক্ষনে মন্বন্তৰ জান।
পৃথিবীৰ মতে ব্ৰহ্মা কাল নিৰূপণ॥
সুদামাক কৈলো এত কালৰ অন্তৰে।
আসিবা গোলোকে পুনু নাভাব অন্তৰে
গোলোকৰ পৰা পাচে শ্ৰীভ্ৰষ্ট হুই
খসি পৰি কাশ্যপৰ বীৰ্য্যে লৈল ঠাই॥
এতেকতে শঙ্খচুৰ পুনু যাবে তথা
এত কালে শাপ অন্ত হুইছে বিধাতা॥
মহাবলী মহাযোগী মায়া বিশাৰদ।
কামৰূপী সৰ্ব্ব মায়াধৰ পাৰিষদ॥
মোৰ শূল লই শিব ভাৰতে চলোক।
মোৰ শূলে শিব শঙ্খচুড়ক বধোক॥
হুই আছে কাল পূৰ্ণ কৰোক সংহাৰ।
শূল লই তাৰ ৰাজ্যে যোয়া তুমি হৰ॥
শঙ্খচুড় বধিবাক বহুত জঞ্জাত।
মোহোৰ কবচ তাৰ আছয় কণ্ঠত॥