পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৯
শ্ৰীদেবীভাগৱত।

সুদামা সহিত মোক মন্দিৰে দেখিয়া।
ক্ৰোধে বহু ভৰ্ৎসনা কৰিল মৌন হুয়া॥
লগতে সুদামা শুনি সিয়ো ক্ৰোদ্ধ ভৈল।
মোহোৰ সমীপে ৰাধিকাকো গালিদিল॥
শুনি ৰাধা পঙ্কজ লোচণী ক্ৰোদ্ধা ভৈল।
বাহিৰে আসিয়া ৰাগে গৰ্জ্জিবে লাগিল॥
জ্বলিল দুৰ্ব্বাৰ তেজ চক্ষু ঘোৰবহ্নি।
সখী লক্ষ কৰি মোক গৰ্জিল তখনি॥
বাহিৰ হুইয়া পুনু বলকিবে লৈল।
সুদামা তাড়াইল তাতে ক্ৰোধে শাপ দিল॥
দানবী যোনিত জন্ম ধৰহ পাপিষ্ঠ।
এতিক্ষনে গোলোকৰ পৰা হয়ো ভ্ৰষ্ট॥
শাপ শুনি সিটো মোক প্ৰনিপাত কৰি।
কান্দিবে লাগিল দুই হাতে পাৱে ধৰি॥
দেখি ৰাধিকায়ো শোকে কান্দিবে ধৰিল।
পুনু পুনু সুদামাক বাৰণ কৰিল॥
ঠাক বৎস কৈক যাস নাযায়ো কখন।
ঠাক ঠাক বুলি পাচে কৰিল গমন॥
গোপ গোপী সবে দুঃখে কান্দিবে ধৰিল।
সুদামা বিৰহে সবে বিয়াকুল ভৈল॥