পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৩
শ্ৰীদেবীভাগৱত।

কাম সৰে বিদ্ধ দুয়ো পালতি আসিল।
কৃষ্ণা বৰ্ত্তে নিজাশ্ৰমে গমন কৰিল॥
মনোহৰ ক্ৰীড়া গৃহে কৰিল প্ৰবেশ।
পুনু ৰতি ক্ৰীড়া তাত নুগুছে হুতাস॥
এহি ৰূপে শঙ্খচুৰে ৰমণী বিহৰে।
পূৰ্ণ এক মন্তন্বৰ কাল ৰাজ্য কৰে॥
ইন্দ্ৰ সাবৰ্ণিকে ৰৈবৰ্তক মন্বন্তৰ।
একাত্তৰি যুগ ৰাজ্য কৰে শঙ্খচুড়॥
এত দীৰ্ঘকাল ৰাজ্য কেহো নকৰিল।
কৃষ্ণ পাৰিষদ ইটো এতেকে পাইল॥

দেব সকলৰ বিষ্ণুৰ নিকট গমন॥*॥
পদ।

নাৰায়ণ কহে ঋষি শুনা পাচ কথা।
দেবক দৌৰাত্য দৈত্য কৰন্ত সৰ্ব্বথা॥
দেবতা অম্বুৰ আৰু দানব সমস্ত।
গন্ধৰ্ব্ব কিন্নৰ যক্ষ ৰাক্ষসাদি যত॥
সকলোকে শাস্তি কৰে ৰাজ৷ শঙ্খচূড়।
বলে কাঢ়ি লৈল অম্ৰাবতী মহেন্দ্ৰৰ॥

*২২*