পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫২
চতুৰ্থ স্কন্ধ!

দিব্য নদী পুলিনত দিব্য নদী তটে।
মধুকৰ সেবিত নিকুঞ্জ চিত্ৰ পটে॥
মধুমাসে মধুকৰ মধুৰ ধ্বনিত।
সুৰসেন বনে আৰু গন্ধ মাদনত॥
নন্দন কাননে চিত্ৰ চন্দন উদ্যানে।
দেবৰ উদ্যানে ফুল বাড়ী নানাস্থানে॥
চম্পক কেতকী আম্ৰ মাধবী মধুৰি।
মল্লিকা কুমুদ কুণ্ড পদ্ম জল সৰি॥
কল্প বৃক্ষ কদলিনী পাৰিজাত বনে।
কাঞ্চন পৰ্ব্বত স্থানে নিৰ্য্যান কাননে॥
কাঞ্চি বনে কিঞ্জনকে কঞ্চুক কাননে।
পুষ্প গাণ্ডু পুষ্প তুলি পুষ্প ময় স্থানে॥
মৃগমদ চন্দন লেপিত পুষ্প তৈল।
আটৰ গোলাপ ঘসি মদনে বিভোল॥
কোকিলৰ কুহুৰব বসন্ত পবন।
কামুকা কামুকী দুয়ে৷ বিদগ্ধ পৰাণ॥
মন সুখে ৰমে সদা শৃঙ্গাৰ আশ্বাদ।
বিহৰন্ত সৰ্ব্বস্থানে নাহি অবসাদ॥
তথাপি তৃপিতি নোহে নুতন দম্পতি।
কৰে বহুকাল ক্ৰীড়া যুবক যুবতী॥