পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৪
চতুৰ্থ স্কন্ধ।

সকলো দেবৰ অধিকাৰ কাঢ়ি লৈল।
স্বৰ্গৰ ড়কাই পাচে দেবক খেদিল॥
স্বৰ্গভ্ৰষ্ট দেবসব ভিক্ষা জীবি ভৈল।
বেশ ধৰি পৃথিবীত মাগিবে লাগিল॥
পৰ্ব্বত কন্দৰে কতো বন গুহা মাঝে।
শঙ্খচুৰ ভয়ে ৰহে দেবতা সমাজে॥
এহিমতে দেবগণ বহুকাল পৰে।
একে লগ হুই গৈল ব্ৰহ্মাৰ নগৰে॥
ছিন্ন জীৰ্ণ বেশ দেব মলিন বসণ।
ব্ৰহ্ম লোকে ব্ৰহ্মা স্থানে গৈল সৰ্ব্বজন
শঙ্খচূড় বৃত্তান্ত ব্ৰহ্মাক নিবেদিল।
শুনি সৰ্ব্বজন মিলি শিব স্থানে গৈল॥
বিধাতা শঙ্কৰ আগে সমস্ত কহিল।
শিব সমে সৰ্ব্ব দেব বৈকুণ্ঠক গৈল॥
পৰম দুৰ্ল্লভ স্থান জৰা মৃত্যু হীন।
দেবগনে পাইল তথা দ্বাৰৰ সদন॥
দেখিলন্ত দ্বাৰ পাল ৰত্ন সিংহাসনে।
বসি আছে পীতবস্ত্ৰে শোভে আভৰণে
সৰ্ব্বজন শ্যাম বৰ্ণ বনমালা গলে।
শঙ্খ চক্ৰ গদা পদ্ম ধৰি চাৰি কৰে॥