পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪২
চতুৰ্থ স্কন্ধ

অষ্ট গোপমধ্যে আমি পাৰিষদ গোপ।
জন্ম দানবৰ কুলে ৰাধিকাৰ শাপ॥
কৃষ্ণ মন্ত্ৰবলে দেবী আমি জাতিস্মৰ।
পূৰ্ব্ব জনমৰ কথা সমস্ত গোচৰ॥
তুমিও তুলসী জাতিস্মৰা কৃষ্ণবৰে।
ৰাধা শাপে তোমাৰো জনম ইসংসাৰে॥
হৰিসঙ্গে ৰসভুঞ্জি ৰাধা শাপ পাইলা।
সি হেতু ভাৰত মাঝে জনম লভিলা॥
মোৰ সমে ৰস ভুঞ্জা ৰাধা শাপ খণ্ডি।
গন্ধৰ্ব্ব বিবাহ কৰা মোহোক কৃষ্ণাঙ্গী॥
এত কহি মুনি শঙ্খচুড় নিযমিল।
মৃদুহাসি তুলসীৰে কহিবে লাগিল॥

তুলসীৰ উত্তৰ॥ *॥
পদ।

তুলসী কহয় যিটো জন সুপণ্ডিত।
চৰাচৰ জগতে হোৱয় প্ৰশংসিত॥
সেহি বিধ পতি বাঞ্চা কৰয় কামিনী।
কাম বশে ৰমনী বাঞ্চয় ৰসমনী॥