পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪১
শ্ৰীদেবীভাগৱত

শাশ্বতিক নাৰী বুলি কহে জ্ঞানীজন।
ৰজতম নানাবিধ কলাংশে জনম॥
তিনিগুণে নাৰী সব হোৱে উতপন্ন৷
ৰজোগুণে জাতযিটো ভোগ লিপ সমিন॥
মধ্য মন্ত্ৰী জাতি আক জ্ঞানীয়ে কহন্ত।
সুখ ভোগ বাঞ্চেসদা নিজকাৰ্য্যে ৰত॥
কপটী মোহিনী সিটো ধৰ্ম্মত বিমূখ।
বেশ ভূষা আহাৰে বিহাৰে বৰ সুখ॥
ৰজো গুণ নাৰী সতী সাৰ্ব্বা নাহি হয়।
মধ্যমা স্ত্ৰীজাতি বুলি জ্ঞানীয়ে কহয়॥
তমো গুনে জাত নাৰী অধমা দুৰ্ব্বোধা।
অসদ চৰিত্ৰা সদা কাম লোভে মুগ্ধা॥
পৰস্ত্ৰী স্পৰ্শণ কভু পণ্ডিতে নাকৰে।
নিৰ্জ্জন হউক কিম্ব৷ গ্ৰামৰ ভিতৰে॥
যদিবা পৰস্ত্ৰী সঙ্গ উত্তম ৰহস্যি।
তথাপি পণ্ডিতে তাক কভু নাপৰশি॥
ব্ৰহ্মাৰ আজ্ঞাতে আইলো তোমাৰ সমীপ।
গন্ধৰ্ব্ব বিবাহ কৰি বৰিবো তোমাক॥
দেবতাৰ ভয়দাতা আমি শঙ্খচুড়।
দনু বংশে জাত এভো সুদামা পূৰ্ব্বৰ॥

*২১*