পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৩
শ্ৰীদেবীভাগৱত

ছলে বলে ৰমনীক কৰে পৰাজয়।
কাম নিবাৰণ লাগি কৰন্ত প্ৰণয়॥
হেন পুৰুষ নাৰী কদাপি নবাঞ্চে
হইলে সংযোগ দৈবে প্ৰেম সুখে বঞ্চে॥
বৰ্ত্তমানে তুমি বিচাৰত পৰাজিত।
স্ত্ৰী জিত পুৰুষ লোকে অতিব গৰ্হিত॥
পিত্ৰাদি বান্ধবে ঘৃণা কৰন্ত স্ত্ৰী জিত।
পিতা মাতা ভ্ৰাতা বন্ধু নিন্দয় সতত॥
জন্মাশৌচে বিপ্ৰ দশ দিনে শুদ্ধ হয়।
দ্বাদশে ক্ষত্ৰিয় পঞ্চদশে বৈশ্য হয়॥
মাসেকত সূদ্ৰ শুচি বেদৰ নিয়ম।
হীন জাতি সঙ্কৰ অশুচি সৰ্ব্বক্ষণ॥
স্ত্ৰী জিত পুৰুষো সৰ্ব্বকালতে অশুচি।
চিতা দগ্ধ কালে মাত্ৰ পুড়ি হোৱে শুদ্ধি॥
স্ত্ৰী জিতৰ পিতৃ ছাঁয়া স্পৰ্ষ নাহি কৰে।
তাৰ হাতে জল পিণ্ড গ্ৰহণ নাকৰে॥
তাৰ পুষ্পাঞ্জূলি দেবতায়ো নাহি লয়।
জ্ঞান ক্ৰিয়া তপ জপ হোমব্যৰ্থ হয়॥
মই তযু বিদ্যা বল পৰিক্ষা কৰিলো।
কত মান বিদ্যা বল তাকেসে বুজিলো॥