পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪০
চতুৰ্থ স্কন্ধ

সাবিত্ৰী সহিত এহি সব আদ্যা মূৰ্ত্তি।
সৃষ্টি লাগি আদিতে হইল উতপত্তি॥
ইটো সৰ্ব্ব সাৰ অংশ সাশ্বত স্ত্ৰীৰূপ।
সকল মঙ্গলময় জগৎ কীৰ্ত্তিৰূপ॥
শত ৰূপা দেবহুতি স্বধা স্বাহা।
দক্ষিণা ৰোহিনী শচী বামা জেষ্ঠাছয়া॥
বৰুণাণী কুবেৰাণী দিতি যে আদিতি।
লোপা মদ্ৰা অনসুয়া তুলসী কোটভী॥
অৰুন্ধতী অহল্যা সেমনকা মন্দোদৰী।
দময়ন্তী বেদবতী মনসা সুন্দৰী॥
তাৰানঙ্গা তুষ্টি পুষ্টি স্মৃতি মেধা কালী।
বসূধা মঙ্গল চণ্ডী ষষ্ঠী ধৰ্ম্ম বালী॥
শ্ৰদ্ধা সান্তি কান্তি ক্ষান্তি স্বস্তি সন্ধ্যানিদ্ৰা৷
ক্ষুধা তৃষা দিবাৰাত্ৰি কীৰ্ত্তিক্ৰিয়া শোভা॥
প্ৰভা শিধা ধৃতি বৃত্তি সম্পত্তি বহুধা।
যুগে যুগে ইটো সৰ্ব্ব স্ত্ৰীৰূপে উদ্ভবা॥
কলাৰো কলাংশ ৰূপে সবে আদি হন্তে।
প্ৰশস্ত ছায়াৰ বিম্বে পুংশ্চলি হোবন্তে॥
প্ৰধান সাত্বিক হন্তে যিসব উদ্ভব।
জগতে উত্তম সতী সাবধী সিটোসব॥