পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৯
শ্ৰীদেবীভাগৱত

হৰি ভক্তি বিমুখ কৰায় ইটো মায়া।
সংসাৰ ফাটকে লৌহ শৃঙ্খলে বান্ধিয়া॥
ইন্দ্ৰজাল ৰূপ মিছা সপোন স্বৰূপে।
বাজে ৰঙ্গ ঢ়ঙ্গ কোৱা ভাতুৰী যিৰূপ॥
নানা ৰূপ বিষ্ঠা মুত্ৰ মল যুক্ত দেহ।
গেলা পছা ৰক্তমাংসে দুৰ্গন্ধ দুঃসহ॥
মায়াময় নাৰী বিধি সৃজিল পূৰ্ব্বত।
মোক্ষ দ্বাৰে বিষময় বাসনা জৰিত॥
এত কহি নাৰদ তুলসী বিৰামিল।
মৃদু হাসি শঙ্খ চুড় কহিবে লাগিল॥


শঙ্খচূড়ৰ উক্তি॥ *॥

পদ।

শঙ্খচুড় বদতি তুলসী যি কহিছা।
অলীক নোহয় সৰ্ব্ব নোহে সৰ্ব্ব মিছা॥
ময়ো আবে কহো কিচু সত্য যে অলীক।
দুই বিধ নাৰী পূৰ্ব্বে বিধি নিৰ্ম্মিলেক॥
উত্তমৰো উত্তম প্ৰশস্ত দুই ৰূপ।
লক্ষ্মী সৰস্বতী দুৰ্গা ৰাধিকা স্বৰূপ॥