পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৮
চতুৰ্থ স্কন্ধ

ছল কৰি বাহিৰত আক্ষে পদে খায়।
অন্তৰে মৈথুন সুখ আশা নচাৰয়॥
বাহিৰত লজ্জা মুখী পতিক হুঁসাই।
নিজেও হাসন্ত মুখে লজ্জা ভাব লই॥
সৃঙ্গাৰে সন্তোষ নুইলে কোপ অভিমান।
বহু মৈথুনত প্ৰীতি অল্পে মন ক্ষুণ্ণ॥
সুমধুৰ অন্ন পানী মনে আশা কৰে।
সুন্দ ৰসিক গুণী যুবক বিচাৰে॥
পুত্ৰতো অধিক স্নেহ কৰন্ত ৰসিকে।
প্ৰাণতো অধিক প্ৰিয় বাসন্ত সম্ভোগে॥
বৃদ্ধ স্বামী কিম্বা মৈথুনত শক্তিহীন।
শত্ৰুতো অধিক ৰূপে কৰন্ত দৰ্শন॥
কেটেৰা জেঙ্গেৰা সদা কলহ কৰয়।
অকথাতে দন্দ পাতি কোপ দৃষ্টে চায়॥
মুখ ওফন্দাই থাকে মনে অভিমান।
কথাতে বিতন্দা ছলপালে বধে প্ৰাণ॥
সৰ্পসম খল সিটোজনী দুঃসাহসী।
নাৰীৰ সমস্ত দোষ তাইতে আছে বসি॥
ব্ৰহ্মা বিষ্ণু মহেশৰো দুঃসাধ্য মোহিনী।
তপ মাৰ্গ বিঘ্ন কৰে মোক্ষতো বাঢ়িনী॥