পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৭
শ্ৰীদেবীভাগৱত

নীচকুলে জন্ম ধৰ্ম্ম শাস্ত্ৰ বিবৰ্জ্জিত।
শ্ৰুতিমধ্যে শুনি স্পৰ্শ নকৰো কশ্চিত॥
কামাৰ্ত্ত পুৰুষ বৰ্ত্তমানে মুখেমধু।
অন্তৰত বিষ ম্ভ বাক্যে মাত্ৰ সাধু॥
হেনজনে কৰে ইচ্ছা কামিনী সঙ্গম।
এহি ৰূপ শ্ৰুতি অৰ্থ কৰিছো শ্ৰবণ॥
তাত পাচে কহো আবে ৰমনী চৰিত্ৰ।
শ্ৰুতি পুৰাণৰ মতে যিনাৰী দুষিত॥
হৃদয়ত ক্ষুৰ মুখে সুমধুৰ বাণী।
স্বকাৰ্য্য সাধনে পক্ক লম্পট কামিনী॥
কাৰ্য্যহেতু থাকেসদা স্বামীবশ হুই।
স্বামীৰো বশ্যতা মানে নিজ কাৰ্য্য লই॥
অন্তৰ মলীনা ক্ষণে মুখ সুপ্ৰসণ্ণ।
শ্ৰুতি পুৰাণৰ মতে দুঞ্চিত সিজন॥
কোন জ্ঞানী জনে তাইক বিশ্বাস কৰয়।
শত্ৰু মিত্ৰ নাহি নিত্যে নুতন খোজয়॥
নিত্য নবনব ৰসে ভাসয় অন্তৰ।
স্নবেশ পুৰুষ দেখি হৃদয় কাতৰ॥
পৰক দেখাই বাজে সতীত্ব বুজাই।
কামুকী লম্পটা কাচা পাক। নবাচয়।