সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৪
চতুৰ্থ স্কন্ধ

যোগীসেব্য মহীযোগী বেশ মনোহৰ।
কৃষ্ণ মন্ত্ৰ সিদ্ধিপাইল পুষ্কৰ ভিতৰ॥
কৃষ্ণৰ কবচ সৰ্ব্ব মঙ্গল উত্তম।
গলে পিন্ধি আছে বৰদিল ব্ৰহ্মাদেব॥
পুস্কৰে যাইবে আজ্ঞা দিল পন্থথোনি।
মনোবাঞ্চা সিদ্ধি হবে যাহ বাচাতুমি॥
ব্ৰহ্মা আজ্ঞা শঙ্খচূড় তথাতে আসিল।
বদৰিকা শ্ৰমে তুলসীক দেখা হইল॥
শঙ্খচুড় আসে পাচে দেখিল তুলসী।
নবীন যৌবন কামদেব পূৰ্ণশশী॥
শৰত পাৰ্ব্বন চন্দ্ৰ মুখ সুপ্ৰসন্ন।
শৰত পঙ্কজ জিনি বিকশ নয়ন॥
ৰতন নিৰ্ম্মিত মনোহৰ বিমানত।
ৰতন কুণ্ডলে গণ্ড পাণ্ডুৰ ৰঞ্জিত॥
গলে পাৰিজাত মালা সুহাস্য বদন॥
কস্তুৰী কুঙ্কম লিপ্ত মলয় চন্দন॥
সমীপে দেখিয়া তাঙ্ক লজ্জামুখী ভৈল
বস্ত্ৰৰ আঞ্চলে পাচে মুখধাক দিল॥
ঈষদ্বাস্য কৰি তাকপ্ৰতি নিৰীক্ষয়।
পুনু পুনু কটাক্ষ শায়ক প্ৰহাৰয়॥