পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৫
দেবীভাগবত

নূতন সঙ্গমে লজ্জাবতী অধোমুখী।
শৰত চন্দ্ৰমা ৰশ্মী মুখত প্ৰকাশী॥
নিৰ্ম্মিত অমূল্য ৰত্নে কুণ্ডল বলয়।
মহামণি খচিত মানিক্য হাৰচয়॥
সাতসৰী কণ্ঠহাৰ বাজু মুক্তা মালা।
খোপাভৰী মালতীৰ মালা চন্দ্ৰ কলা॥
মকৰ কুণ্ডল ৰত্নে নিৰ্ম্মিত শ্ৰবণে।
শিল্পকাৰ্য বিশিষ্ট শোভিছে কৰ্ণমূলে॥
চিকিমিকি কান্তি গণ্ড পাণ্ডৰে পৰয়।
নিষ্কলঙ্ক পূৰ্ণচান্দে শহাৰ আনয়॥
মহাৰত্ন সাৰতাৰা হাৰগল দেশে।
পীন কুচ যুগোপৰে দোলে লয়লাসে॥
ৰতন কঙ্কন শঙ্খ কেয়ুৰ ভুষণ।
মানিক্য অঙ্গুৰীয়ক অঙ্গুলে শোভন॥
কটিত কিঙ্কিনি কণ্ঠে শোভে গলপটা।
কাচা হৰি দ্ৰাৰ ৰঙ্গে বিজুলীৰ ছটা॥
নিতম্ব উপৰে দোলে কোটি চন্দ্ৰ হাৰ।
নাভিমূল লম্বিগলে সূৰ্য্য কোটি হাৰ॥
যোগ ৰবিভূতি শক্তি বাখান নযায়।
ঘোৰ অৰণ্যতো ৰাজ বিভূতি মিলয়॥