সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৩
দেবীভাগবত

ক্ষণে গই শয্যা মাঝে সুখ নিদ্ৰা কৰে।
ঊৰ্ম্মী লাগি পুনু উঠি ঘুৰি পকি ফুৰে॥
ভুতে ধৰা লোক যেন বাতুল চেঞ্চায়।
বাঘে ধৰা গৰু যেন পলাইয়া যায়॥
পুষ্প চন্দনৰ শৰ্য্যা কণ্টক সমান।
অমৃত নিৰ্ম্মল ফল জল বিষ হেন॥
সূক্ষ্ম বস্ত্ৰ লাগে দেহে অগনি সমান।
সিন্দুৰ কজ্জল পত্ৰ খুদ খহু যেন॥
ক্ষণে শয়ণত দেখে সুবেশ পুৰুষ৷
সুন্দৰ যুবক মৃদু হাসি ৰসাবেশ॥
চন্দনে লেপিত তনু ৰত্ন আভৰণ।
গলে মাল্য পিন্ধি কৰে স্ত্ৰীমুখ চুম্বন॥
ৰসালাপ ৰসাভাষ বাক্য সুমধুৰ।
শয্যাত শয়ণ কৰি ভুঞ্জন্ত শৃঙ্গাৰ॥
পুনৰপি উঠি চলি যাইবে খোজন্তে।
অগবাঢ়ি কহে কৈক যহি প্ৰাণনাথে॥
তাত পাচে পুনৰপি চেতনা লভয়।
কি হইল কি দেখিলো বুলি বিলাপয়॥
ইৰূপে যৌবন দুঃখে বিচেষ্টা কামিনী।
দৈবে শঙ্খচুড় তৈত গৈল মহামুনি॥