সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩২
চতুৰ্থ স্কন্ধ

অন্তকে পাইলেক পৰা আয়ু হইক্ষীণ।
বোলা ৰাম ৰাম ঘনে সন্ত সাধুজন॥

অথতুলসীৰ বিৰহ বৰ্ণনা।
পদ।


নাৰায়ণে কহন্ত নাৰদ তপোধন।
বৰ লাভে তুলসীৰ তুষ্ট ভৈল মন॥
নবীন যৌবন বৃধধ্বজৰ নন্দনী৷
মদনৰ পঞ্চবানে আকুল পৰাণী॥
ফুল ধনু ফুল বাণ ফুল অলঙ্কাৰ।
পলকে পূৰ্ণিত দেহ চক্ষুৰ ৰক্তত্তৰ॥
ক্ষণিকে বিহ্বল হয় ক্ষণিকতে মূৰ্চ্ছা।
ক্ষণিকে উদ্বিগ্ন ক্ষণে শয়ণ আলস্য॥
ক্ষণিকতে গাত্ৰ দাই কৰে উচুপিচু।
ক্ষণিকে শুখান ভাব ক্ষণে হাসি মৃদু।
ক্ষণিকে চেতন হয় ক্ষণিকে বিষন্ন৷
ক্ষণে বৈসে ক্ষণে যায় শয্যা সন্নিধান॥
কতোক্ষণে ভ্ৰমহুই ঘুৰি ঘুৰি ফুৰে।
পাগল আনয় কতো বসিয়া ফুকৰে॥