পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
চতুৰ্থ স্কন্ধ॥


অনাদি জীবন কন্ম বীজত উদ্ভৱ।
মৰি মৰি নানা য্যোনি মধ্যে জন্ম হয়॥
কৰ্ম্মহীন দেহ কভু সংযোগে নহয়।
কৰ্ম্মতে কেবলে মাত্ৰ দেহ জাত হয়॥
সিটো কৰ্ম্ম শুভাশুভ দুবিধ ৰাজন।
দুইবিধ মিত্ৰ কৰ্ম্মে ত্ৰিবিধ প্ৰাক্তন॥
সঞ্চিত আৰধ্ব বৰ্ত্তমান এহিতিন।
ইটো তিনি মিত্ৰকৰ্ম্ম ফলে উৎপাদন॥
এহি তিনি বিধ কৰ্ম্ম শৰীৰে বৰ্ত্তয়।
ব্ৰহ্মা আদি সৰ্ব্ব জীব জন্তুতে আছয়॥
ব্ৰহ্মা বিষ্ণু আদি সৰ্ব্ব ইটো কৰ্ম্ম বশ।
সুখ দুঃখ জৰা মৃত্যু হৰ্ষ শোক যশ॥
কাম ক্ৰোধ লোভ সৰ্ব্ব দেহগত গুণ।
এহিৰূপে দৈবাধীন হোৱে সৰ্ব্ব জন॥
ৰাগ দ্বেষ লোভ মোহ সবাৰে আছয়।
মনুষ্য তিৰ্য্যগ দেবতাৰো মহাশয়॥
দেহৰ সম্বন্ধ ইটো সকল বিকাৰ।
কৰ্ম্ম সূত্ৰে কিম্বা মোহবশে আপোনাৰ॥
কৰ্ম্মত উদ্ভব জীব হোৱে সৰ্ব্বত্ৰত।
কৰ্ম্ম নথাকিলে ৰাজা জনম নোহন্ত॥