পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
চতুৰ্থ স্কন্ধ।

দেবী ভাগবত পদ চতুৰ্থ স্কন্ধৰ।
জন্মে জয় সন্দেহ ৰহস্য কথাসাৰ॥
ভণিল গোপাল দেব পয়াৰ প্ৰবন্ধে।
ৰাম ৰাম বোলা ডাকি সবে সভাসদে॥
ইতি প্ৰথমাধ্যায় সমাপ্ত॥ *॥


ব্যাসদেবৰ উত্তৰ॥

পদ

সূত নিগদতি এহি ৰূপে জন্মে জয়।
সত্যবতী সুতক পুছিলা মহাশয়॥
পুৰাণ পণ্ডিত ব্যাস দেব হেন শুনি।
সংশয় নিবৃত্তি কথা কহিলন্ত গুণি॥
ব্যাস নিগদতি ৰাজা পৰীক্ষিত সুত।
অদ্ভুত কৰ্ম্মৰ গতি কিকৈবো তোমাত॥
দেবৰ অবোধ্য মনুয্যৰ কোন কথা।
গহীণ কৰ্ম্মৰ গতি বুজা সাধ্য বৃথা॥
তিনি গুণে ব্ৰহ্মাণ্ড যৈসানি জনমিল।
নিশ্চয়ে জানিবা কৰ্ম্ম ফলেসে জন্মিল॥