সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
শ্ৰীশ্ৰীদেবী ভাগবত।

কৰ্ম্মতে ভ্ৰময় সূৰ্য্য কৰ্ম্মে চন্দ্ৰ ক্ষয়।
শিব ৰুদ্ৰে ব্ৰহ্মা কৰ্ম্মে বৰ্ত্তন্ত নিশ্চয়॥
অনাদি নিধন জীব কৰ্ম্মতে উদ্ভূত।
স্থাবৰ জঙ্গম আদি সবাতে শাশ্বত॥
শাশ্বত কি অশাশ্বত ইহাৰ বিচাৰ।
সৰ্ব্বত্ৰতে মুনি ঋষি ব্যগ্ৰ নিৰন্তৰ॥
তথাপি নজানে তাক নিত্য কি অনিত্য।
মায়া মোহে ইটো জগৎ নিত্য বোধ হন্ত॥
কাৰ্য্যৰ অভাব হলে কাৰণে নবৰ্ত্তে।
কাৰ্য্য নাহইলে কভু কাৰণ নাখাটে॥
এতেকে কাৰণ মায়া সবাৰ নিশ্চয়।
মায়া নাথাকিলে নৃপ কিছু নালাগয়॥
সেই মায়া কৰ্ম্ম বীজ নিত্য বুলি জান।
যুৰিছে জগত কৰ্ম্ম বন্ধৰ বাসনা॥
হৰিয়ো মায়াতে বদ্ধ সৰ্ব্বদা ভ্ৰমিছে।
নানা বৃত্তি লই নানা যোনিত ঘুৰিছে॥
যুগে যুগে ননা,ন ৰকম, নীচ যোনি।
পৰম তেজস্বী হৰি ভ্ৰমিছে আপুনি॥
নিজ খুছি মতে জানো আপুনি কেশবে।
তিয়াগি বৈকুণ্ঠ ভোগ যোনিত উদ্ভবে॥