পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
শ্ৰীশ্ৰীদেবীভাগবত॥

মোৰ পুৰ্ব্ব বংশ ৰাজসুয় যজ্ঞ কৰি।
জন্মাৰ্জিত কৰ্ম্মে দুঃখ পাইল বৰা বৰি॥
সংসাৰীৰো অধম কাৰ্য্যত যিবা ভৈল।
সিসব কিমতে তেবে দেব অংশ হুইল॥
সদাচাৰী ভীষ্ম দ্ৰোণ কৰ্ণ মহাবল।
ধন লোভে ছলকৰি মৰাইল সকল॥
ছলকৰি কৃষ্ণ মোৰ বংশ নাশ কৈল।
পাণ্ডবক মহা ঘোৰ নৰকে পাঞ্চিল॥
ভিক্ষামাগি খাই ভাল শিল্পকামো ভাল।
তথাপিতো বংশদ্ৰোহ নোহে পৌৰুষাল॥
বংশনাশ কৈল হৰি মুনিয়ে ৰাখিল।
বিৰাট নন্দনী গৰ্ভে পুত্ৰ উপজিল॥
শত্ৰু নাশকাৰী বীৰ্য্য়বন্ত জ্ঞানবান।
তপস্বীৰ গলে সৰ্প আৰিল সিজন॥
ক্ষত্ৰিয় কুলত জন্ম লভি আন জনে।
ব্ৰাহ্মণক হিংসা কভু নকৰে কখনে॥
মৌনধৰি তপস্বী আছিল বনমাঝে।
কৰিল অদ্ভূত কাম পিতা সৰ্পবান্ধে॥
ইহাৰ ৰহস্য দেব সন্দেহ আমাৰ।
অনুগ্ৰহ কৰি দূৰ কৰা ঋষিবৰ॥

  • ২*