সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হৰিনাম বিক্ৰয় কৰিবে কলিযুগে।
শূদ্ৰে শিষ্য ভজাইবে কাল অনুযোগে॥
যশ লাগি নিজে দান উৎসৰ্গ কৰিবে।
উৎসৰ্গিয়া দান পাচে নিজে নাহি দিবে॥
নিজ ৰূৃত্তি ব্ৰহবৃত্তি গুৰুকুল বৃত্তি।
নিজ দত্তা পৰ দত্তা কৰিবে আত্মা সাখি॥
দুহিত্ৰী গমন কেহো শাশুৰী গমন।
বোয়াৰী গমন কেহো সৰ্ব্ব যোনিগণ॥
বাই ভণী নবাছিব মাহী নজানিব।
ঘোৰ কলিযুগে ভাই বোয়াৰীত খাব॥
ঘৰে ঘৰে অগম্যা গমন কৰিবন্ত।
মাতৃ যোনি এড়ি সৰ্ব্ব যোনিতে যাইবন্ত॥
স্ত্ৰী পুৰুষ নিৰ্ণয় নৰবে কলিযুগে।
গ্ৰাম প্ৰজা বস্তুৰো ঠিকনা নৰহিবে॥
অলিক বা দিনচোৰ হুইবে ললাট।
পৰস্পৰে বিবাদী নৰ ঘাতকী বহুত॥
দ্বিজ ক্ষেত্ৰ বৈশ্যবংশ পাপিষ্ঠ হুইবে।
লাহা লৌহ লবণেৰে বানিজ কৰিবে॥
(অপঠনীয়) (অপঠনীয়) (অপঠনীয়) শূদ্ৰৰ যাজক।
শূদ্ৰ অন্ন ভূজি শ্মশানত ফুৰিবেক॥