পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৭
শ্ৰীদেবীভাগৱত।

তপ ব্ৰত অনশন সিয়ো হবে চুৰ।
মিথ্যাবাদী কপটীয়া হবে বামাচাৰ।
অহঙ্কাৰী দাম্ভিক শঠতা চৌৰ হিংসা।
তুলসী বিহীন পূজাহবে কৰ্ম্মনাশা।
ভিন্ন জাতি স্ত্ৰী পুৰুষে বিবাহ হইবে।
বস্তু অধিকাৰ নিজ স্বামী নাথাকিবে॥
সবে স্ত্ৰাৰ বশ বৰে ঘৰে বেশ্যা বৃত্তি।
তৰ্জ্জন গৰ্জ্জন কৰিবন্ত স্বামী প্ৰতি॥
গৃহিণী হৈবন্ত সবে গৃহৰ ঈশ্বৰী।
গৃহস্থ হৈবেক দাস দাসী সমসৰি॥
শ্বশুৰ শাশুৰী দাস সমান কৰিবে।
স্ত্ৰীৰ বন্ধুয়ে ঘৰে কৰ্ত্ত৷ বুজাইবে॥
বিদ্যাৰ সম্বন্ধে সম্ভালও নহইব।
অজানিত লোক বন্ধু বান্ধব হইব॥
স্ত্ৰীৰ আজ্ঞা বিনা কোনো পুৰুষে নিশ্চয়
কোনো কাৰ্য্য সাধিনে শকতি নাহি হয়॥
ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰিজাতি।
জাতি ক্ৰিয় ত্যাগি হবে ম্লেছৰ প্ৰকৃতি॥
ব্ৰাহ্মণৰ সন্ধ্য৷ যজ্ঞ সবে লুপ্ত হবে।
চাৰিয়ো জাতিয়ে ম্লেচ্ছ আচাৰ ধৰিবে॥