পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
চতুৰ্থস্কন্ধ।

তানপত্নী দস্যু যেবে বলে কাঢ়ি নিল।
সৰ্ব্ব তত্ত্ব ঈশ্বৰ যদি কেনে নজানিল॥
ভীষ্ম দ্ৰোণ বধকালে ভূভাৰ হৰন্তে।
আবিৰ্ভুত পাণ্ডব হইল ধৰা ধামে॥
কৃষ্ণৰ পৰম ভক্ত ৰাজা যুধিষ্ঠিৰ।
কৈলা ৰাজহুয় যজ্ঞ বিহিত প্ৰকাৰ॥
বিবিধ দক্ষিণাদানে তুষিলা ব্ৰাহ্মণে।
সিটোজনে বনে ঘোৰ দুঃখ পায় কেনে॥
তাহাৰ সুকৃত তেবে কৈক গৈল ফল।
কিনো মহাপাপ তাৰ দুঃখকেসে পাইল॥
শুভগা দ্ৰোপদী যজ্ঞ মণ্ডপে জন্মিল।
লক্ষ্মী অংশে জাত কৃষ্ণা ভক্তি অবিচ্ছল॥
কিহেতু সিজনে পুনু পুনু দুঃখ পায়।
দুঃশাসনে কেশে ধৰি লৈযান্ত ঘসাই॥
এক বস্ত্ৰা ৰজস্বলা সভাত আনিল।
বিৰাট নগৰে দাসী হইয়া বঞ্চিল।
কীচকে ধৰিলে পতিহীনা যে কান্দিল।
জয়দ্ৰথে নিলে টানি কান্দি বিয়াকুল॥
জন্মান্তৰে কিবা পাপ হেন দুঃখ আতি।
কোন হেতু নানা দুঃখ পায় দিনেৰাত্ৰি॥