পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৫
শ্ৰীদেবীভাগবত


তিন হইলে কাল শত্ৰু সুখৰ কণ্টক।
এতেকতে মুখগুণে যাহ পৃথিবীত॥
লক্ষ্মী যাহ কলাঅংশে বৰ্ম্মধ্বজ গৃহ।
অযোনি সম্ভবা ভূমি মধ্যে জন্মলহ॥
মোৰ অংশে শঙ্খচূড় বিবাহ কৰিবে।
পাচে কালবশে বৃক্ষ তুলসী হুইবে।
আৰু পদ্মা অংশে নদী হুইবা ধৰণীত।
তাত পাছে গঙ্গা জন্ম লভিবে ভূমিত॥
ভগিৰথ নিবে কুল উদ্ধাৰণ ছলে।
মোৰ অংশে সান্তনু বিহাইবে ভূমিতলে॥
কলিৰ হইলে পঞ্চ সহস্ৰ বৰিষ,
পুনৰপি এগাতে আসিবা মোৰ পাস॥
সৰস্বতী অংশ হুইবে নদী ৰূপে জাত।
নিজে ছলি যাউক আবে ব্ৰহ্মাৰ নিকট॥
মুখ আগলিকা বেদ ৰূপে প্ৰবৰ্ত্তোক।
বৰ্ত্তমানে গঙ্গা মহেশৰ ভাৰ্য্যা হৌক॥
মোহোৰ হেথাতে পদ্মা কেৰলে ৰহোক।
পৰম সুশীলা মুখে নাই চাতুবাক॥
তুলসী ভৈলন্ত সেহি ধৰ্ম্মধ্বজ স্নতা।
সৰস্বতী বিষ্ণু সাপে হইল সম্ভূতা॥

*১৮*