পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৪
চতুৰ্থ স্কন্ধ।


তাইৰ বল মোৰ বল কাৰকত শক্তি।
সবেয়ো জানন্ত তাৰ দুখ প্ৰকৃতি॥
স্বতন্তৰা বাক্য সদ৷ মূখে কুবচন।
মুখ আগলিকা নিলাজিনী নাইভ্ৰম॥
এতবুলি গঙ্গা সৰস্বতীক শাপিল।
যৈত পাপী ধৰণ্টত হয়োনদী জল॥
সৰস্বতী বোলে তোৰ বৰ লাজ আছে।
দুই সতিনীৰ আগে হাস পতিকাছে॥
ক্ৰোধ মুখে বাণীপাছে গঙ্গাক শাপিল।
ধৰনীত তয়োদী ৰূপে হয়ো জল।
হেনকালে পাৰিষদে চৌদিকি বেষ্টিত।
চতুৰ্ভুৰ্জ ধৰি হৰি ভৈল উপনিত।
সৰস্বতী হাতে ধৰি শান্তনা কৰিল।
তিনিও ৰাণীক পাচে সম্বুধি মাতিল॥

লক্ষ্মী সৰস্বতী গঙ্গাৰ শাপকথন

পদ

হৰিবোলে একভাৰ্য্যা প্ৰকৃত ঘৰীনী।
দুইভাৰ্য্যা গলগ্ৰহ দ্বন্দৰ মুৰ্দ্ধনী।