পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৩
শ্ৰীদেবীভাগৱত।

যিটো মুনি সত্বগুণী তোমাক বোলয়।
নাতি বেদজ্ঞান তাৰ মুৰ্খসে নিশ্চয়॥
সৰ্ব্ব কামিনীৰ প্ৰতি সমভাব ৰাখে।
সেহিসে ধৰ্ম্মিষ্ঠ মান্যবন্ত বুলিতাকে॥
তাৰ বিপৰীত যিটো কৰে হেঁ‌চ তেপ।
নিটো খল ধূৰ্ত্ত আতি ধৰ্ম্মৰ অনুপ॥
সৰস্বতী ক্ৰোধে হৰি বাহিৰে গৈলন্ত।
হেথা গঙ্গা সমে বাণী কলহ কৰম্ভ।
নিৰ্লজ্জ, কামুকী পতি সোহাগী দেখাৱ।
আজি পতি আগে তোৰ মান্যকৰো চুৰ॥
তোৰপতি মোক কি কৰিবে নাহিডৰ।
এত বুলি হাতমেলে চুলি ধৰিবাৰ॥
দেখি পদ্মা লক্ষী আসি মাঝে ঠিয় ভৈল।
মুখৰা বলিষ্ঠা বাণী লক্ষ্মীক শাপিল॥
নদীৰূপে বৃক্ষৰূপে জন্ম ধৰণীত।
বৃক্ষ জল ৰূপে থাক সভাৰ মাঝত।
লক্ষ্মীক শাপিল শুনি কহে গঙ্গাদেবী।
কি কৰিবো পদ্ম৷ মই ওৰ নেপাও ভাবি!
মুখৰা দন্দুৰী বাক্যবাদী সৰস্বতী॥
যত শক্তি পাৰে দ্বন্দ কৰোক সম্প্ৰতি॥