পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৯
শ্ৰীদেবীভাগৱত।


কলিৰ মলিন লোকে অধৰ্ম্ম নাচৰি।
হৰি নাম নৌকাবান্ধি লোৱা দৃঢ়কৰি॥
ভাগবত চতুৰ্থ স্কন্ধৰ পদ সাৰ।
অনিল গোপালে ডাকি বোলা হৰি হৰ॥

চতুৰ্থ স্কন্ধ সমাপ্তঃ।

শংখচুৰ বধ।

শ্ৰীকৃষ্ণায়নমঃ। নমো দুৰ্গায়ৈ॥
জয় জয় জগত জনক নাৰায়ণ।
সমস্তৰে আত্মা হৰি ব্ৰহ্ম সনাতন॥
প্ৰকৃতি পুৰুষ দুইকো নিয়ন্তা মাধব।
প্ৰাণামো সবাৰ আত্মা পৰম বান্ধব॥
অৰুণ চৰণে কোটি কোটি নমস্কাৰ।
কৰাকৃপা জগন্নাথ দেব দামোদৰ॥
ইষ্ট গুৰু পদৰজ হৃদয়ত ধৰি।
সন্ত মহন্তৰ পদে নমস্কাৰ কৰি॥
নবম স্কন্ধৰ পদ পুন্য ভাগবত।
শঙ্খচূড় বধ নাম পৰম অদ্ভুত॥
নুহি নাহইল নাহইবে যাৰ সম।
এক মন্বন্তৰ যাৰ ৰাজ্য অনুপম॥
১৯৯