পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৮
চতুৰ্থ স্কন্ধ।

তেজস্বীৰ অবিহিত দোষ অসম্ভব।
সাক্ষাতে প্ৰমাণ লোৱা কৌৰব পাণ্ডব॥
নিৰ্ম্মল কৌৰব ভাল নাই পাপচাৰ।
তেজস্বী পাণ্ডব কৰে অবিধি আচাৰ॥
কিন্তু মন্দ কৰ্ম্ম ফল দুৰ্ঘোৰ বাসনা।
তাক এড়াইবাক শক্তি আছে কোন জনা॥
বশিষ্ঠ ঋষিৰ ভাৰ্য্যা ৰাক্ষসী ৰমণী।
তাৰ পুত্ৰ শক্তি ভাৰ্য্যা ভৈল চণ্ডালিনী॥
শক্তি পুত্ৰ পৰাশৰ ভাৰ্য্যা কৈবৰ্ত্তিনী।
কৈবৰ্ত্তিনী সুত ব্যাস ঋষি শিৰোমনি॥
ব্যাস অনুগামী ভাতৃ জায়া বিধবাত।
পূত্ৰ পাণ্ডু ধৃতৰাষ্ট্ৰ বিদুৰ মহন্ত॥
পাণ্ডুভাৰ্য্যা কুন্তী ছয়পতি পৰিণয়৷
পুত্ৰ বধু দ্ৰৌপদীৰো পঞ্চপতি হয়।
শাশু বোৱাৰীৰ মাঝে এঘাৰটী পই।
তথাপিতো থাকে তাৰা শান্তি ধৰ্ম্ম লই॥
ভীমে বিহাইল পাচে ৰাক্ষসী ৰমণী।
অৰ্জ্জুনে কৰিল বিহা যাদব কামিনী॥
কাচা পকা অগনিয়ে কভু নবাচন্ত।
এত বুলি অগ্নি জানে অশুচি হোৱন্ত॥