পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০০
চতুৰ্থ স্কন্ধ।

দেবমানে একাত্তৰ যুগ ৰাজ্যভোগ
তিনিলক্ষ অক্ষৌহিণী পদাতি সংযোগ॥
তিনিলক্ষ মহা মহা বীৰ সেনাপতি।
নব পদ্ম অশ্ব নবপদ্ম ৰথ হাতী॥
শতেক বৰিষ মহেশৰ সমৰণ।
কোন কালে হেন যুদ্ধ নভৈল কখন॥
পদ ভাঙ্গিবাক আশা কৰো মুঢ়মতি।
যেহেন টিপচি লঙ্ঘে পৰ্ব্বত হিমাদ্ৰি॥
দয়াকৰি অপৰাধ ক্ষমা সাধুজন।
কাৰ মন বাক্যে বন্দে৷ সবাৰ চৰণ॥

নাৰায়ণ স্থানে নাৰদৰ প্ৰশ্ন॥
পদ।

ব্যাস দেব কহে জন্মে জয় নৃপবৰ।
কহোকথা শঙ্খ চুড় বধ মনোহৰ॥
নাৰদ পুচিল পাচে নাৰায়ণ স্থানে।
চাৰিভাৰ্য্যা বিষ্ণুৰ ভৈলন্ত কোনে কোনে॥
লক্ষ্মী সৰস্বতী গঙ্গা তুলসী ৰূপসী।
কি ৰূপে তুলসী জন্ম কহাদেব ঋষি॥