পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৭
শ্ৰীদেবীভাগৱত।

মোক্ষ লাগি কেবলে ভজিয়ো সৰ্ব্বেশ্বৰী।
তাৰ মায়াজালে সৃষ্টি আছে ৰূপ ধৰি॥
যদি সেহি চৰাচৰ নকৰে স্বজন।
ভেবে মায়া বিনে ইটো হোৱে জড় হেন॥
মায়াৰ অধীন সুৰাসুৰ সৰ্ব্বজন।
সেহিসে স্বতন্ত্ৰা মাত্ৰ ইচ্ছাৰ অধীন॥
তাত পৰে তিনিলোকে আন কিছু নাই।
এতেকে সবাৰো দেহি অবাধ্য নিশ্চয়॥
পৰা শক্তি পদ সেবি জন্ম সম্ফলিলো।
দেবী সেবা বিনে ইটো কুল নাপাইলে৷॥
ব্ৰহ্মা বিষ্ণু গৌৰী লক্ষ্মী আদি সৰ্ব্বজন।
চিদানন্দ ৰূপী উপাসন্ত সৰ্ব্বক্ষণ॥
আত্মাকে ঈশ্বৰ মানি সৰ্ব্বদা চিন্তিবে।
গুৰু দুখে বুজি সদা বেদান্ত শুনিবে॥
সৰ্ব্ব পাপ হৰ পুণ্য ভাগবত পদ।
শ্ৰবণে কীৰ্ত্তনে পাপ হোৱে ভস্মীভূত॥
ভূলোকে জনন ধৰি দেব ভগবান।
মায়া জালে বন্ধ হৰাইল পূৰ্ব্ব জ্ঞান॥
সূত নিগদতি ঋৰি ব্যাসদেব মুখে।
শুনিলোহো ভাগবত পৰম কৌতুকে॥