পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৬
চতুৰ্থ স্কন্ধ

অবগৰ্ব্বে তোমাৰ তনয় সবে হৰি।
নিজে কটা কটি কৰি যাইবে মৰি॥
সকল যাদব ক্ষয় হুইবন্ত যেবে।
নৰ তনু এৰি তুমি যাইবা নিজ ধামে॥
ভবিষ্যত লাগি শোক নকৰিবা প্ৰভু।
অৱশ্য সম্ভাবি ফল ধৰিবন্ত বিভু॥
অষ্টাবক্ৰ শাপে কৃষ্ণ তোমাৰ ৰমণী।
তযু মৰণান্তে চোৰে হৰিবে তখনি॥
এতেকতে মোৰ মনে শোক অনুচিত।
দৈবে যিবা কৰে কোনে কৰিবে খণ্ডিত॥
এত কহি দেব সমে দেব শূলপানী৷
দেখিতেই অন্তৰ্দ্ধান ভৈলন্ত তখনি।
উপমন্যু ঋষিক প্ৰণমি জগন্নাথ।
শীঘ্ৰ চলি গৈল পুনু দ্বাৰকা পুৰীত॥
এতেকতে ৰাজা ব্ৰহ্মা আদি দৈবগণ।
সবাৰ ঈশ্বৰ তবু মায়াতে মগণ।
কাষ্ঠৰ পুতলি সম মায়াৰ অধীন॥
যৈত যৈত পূৰ্ব্বকাম তথাতে গমন।
পৰ ব্ৰহ্ম শক্তি মায়৷ তথাতে নিয়ন্ত৷
কাচিতো ভগবতী হিংসা নকৰন্ত॥