পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
শ্ৰীশ্ৰীদেবী ভাগৱত।

বিপৰীত মত দেখো নৰ নাৰায়ণে।
তপে শুদ্ধ দেহ তবু ক্ষত্ৰিয়ে জনমে॥
কিবা কৰ্ম্মফলে কিম্ব৷ কাহাৰ শাপত।
ব্ৰাহ্মণ ক্ষত্ৰিয় ভৈল কহিয়ো সাম্প্ৰত॥
ব্ৰহ্ম শাপে যদুবংশ বিনাশ শুনিলো।
আৰু গান্ধাৰীৰ শাপে ইহাকে৷ বুজিলো॥
কিবাহেতু প্ৰদ্যুম্নক সম্বৰে হৰিল।
ভ্ৰিদেব বিদ্যমানে ইৰূপ ঘটিল॥
দূৰ্গম দ্বাৰকাপুৰ বায়ু নসঞ্চাৰে।
স্নাত গৃহ হন্তে শিশু হৰিল সম্বৰে॥
সৰ্ব্বজ্ঞ ঈশ্বৰ বাসুদেৱে নজানিল।
তেবে দিব্য চাক্ষুসী তাহাঙ্ক কেনে বোল॥
যিতো বাসুদেব পত্নী দস্যু কাঢ়ি নিল।
দেবতাৰো দেব তাঙ্ক কোনৰূপে বোল॥
বিষ্ণু অংশে জন্ম হৰি ভাৰ হৰিবাক।
সিজনে মথুৰা এৰি পলাই কক॥
ভূমিভাৰ হৰিবাক হৰি অবতাৰ।
পাপনট ধৰ্ম্মৰক্ষা উদ্দেশ তাহাৰ॥
হেন বাসুদেবে কেনে চৌৰে নিপাতিলা।
সংশয় ছেদিয়ো মুনি বিস্তাৰিয়৷ বোলা॥