পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৩
শ্ৰীদেবীভাগৱত।


কৃষ্ণ স্তুতি॥
পদ।

শ্ৰীকৃষ্ণবদতি দেব দেব জগন্নাথ।
সকলৰ ভয়হৰ্ত্ত৷ তুমি বিশ্বনাথ ॥
দেববৈৰী নাশকাৰী ত্ৰিলোক পালক।
প্ৰণামো শ্ৰীণীলকণ্ঠ ত্ৰিশূল ধাৰক॥
নমোশৈল সুতাকান্ত নমোযজ্ঞ ভজি।
আজি কৃত কৃত্য ধন্য ভৈলো তোমাদেখি
সফল জনম পাদ পঙ্কজ সেবিলো।
তোমাৰ চৰণ প্ৰভু দৰ্শন কৰিলো॥
সংসাৰে স্ত্ৰীময় পাশে আমিবন্ধ ভৈলো
ৰক্ষালাগি জগদগুৰু শৰণে পশিলো॥
লভিয়া মানুষ জন্ম আমি অতি ক্ষীণ।
ভবভয়ে শৰণ লইলো কৰা ত্ৰাণ॥
গৰ্ভবাসে মহাদুঃখ পালো পশুপতি।
পাচে কংসভয়ে গকুলত কৈলো গতি॥
নন্দ গোৱালৰ জ৷ত পৰ আজ্ঞাবৰ্ত্তী।
বৃন্দাবনে ফুৰোলই গৰু ধুলিমাটি॥

*১৭*