পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯২
চতুৰ্থ স্কন্ধ।

একপদে ৰহে সদা ইন্দ্ৰিয় নিয়মি।
তৃতীয় মাসত বায়ু ভক্ষে যদু স্বামী॥
পদাঙ্গুষ্ঠে ভৰকৰি ঠিয়হুই ৰহে।
এহিৰূপে ষষ্ঠ মাস তপে অহৰহে॥
ভক্তিতুষ্ট হুইপাচে দেব পশুপতি।
দৰ্শন দিলন্ত আসি কৃষ্ণক তহিতি॥
ইন্দ্ৰাদি অমৰে বেঢ়ি বৃষভ আৰুঢ়।
ব্ৰহ্মা বিষ্ণু যক্ষৰক্ষ গন্ধৰ্ব্ব লগত॥
কৃষ্ণক সম্বুধি পাচে শঙ্কৰে বুলিলা।
কষ্টব্ৰত ধৰিকৃষ্ণ মোক তুষ্ট কৈলা॥
দিবোহো বাঞ্চিত বৰ মাগা যদুসুত।
মোহোক দৰ্শনে বাঞ্চা হবে মানোনিত॥
হেনবাক্য শুনিপাচে দৈকীনন্দন।
শঙ্কৰ প্ৰসন্ন দেখি কৰিলা বন্দন॥
দণ্ডবতে পদতলে পৰিল কেশব।
মেঘৰগম্ভীৰ স্বৰে তুতি ভক্তি ভাব॥
সম্ভুৰ আগত বাসুদেব ঠিয় হুই।
কৰিবে লাগিল স্তুতিমন বাক্যলই॥