পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৪
চতুৰ্থ স্কন্ধ।

এৰিলো পৈতৃক ৰাজ্য মথুৰা বিভূতি।
যবনৰ ভয়ে পলাইলো দ্বাৰাবতী॥
যযাতিৰ শাপেবন্ধ তাতভয় লভি।
সজ্জিত মথুৰা ত্যাগি দূৰদেশে গতি॥
উগ্ৰসেন ৰাজা মই তাৰ দাসকৰো।
পূৰ্ব্বাবধি যাদবৰ সিটো ৰাজ৷ গুৰু॥
জগত ঈশ্বৰ সম্ভূ মনুষ্য হইলো।
যুগে যুগে জন্মলভি দুঃখকে পাইলো॥
দুঃখিত গৃহস্থি ধৰ্ম্ম সদা স্ত্ৰীৰবশ।
পৰবশে সদাবন্ধ মোক্ষৰ দুৰ্ল্লভ॥
ৰুক্মিণীৰ পুত্ৰ দেখি পাচে জাম্ববতী।
পুত্ৰকামে তপস্যা পাঞ্চিল পশু পতি॥
সকাম ভকতি পত্ৰ অৰ্থে তপকৰো।
কহিবাক লজ্জা ইটোবৰ বাঞ্চাকৰো॥
ভকত বংসল তুমি দেবমুক্তি দাতা।
পুত্ৰকামে তোমাক আৰাধো তিৰীজিতা।
যিটো মূঢ় তুচ্ছ বিনাশিক ফলবাঞ্চে।
সিটোমুঢ় আমি মায়াজালে বান্ধিয়াছে॥
এতেকতে পুত্ৰমুখ প্ৰাৰ্থিছোহো সম্ভূ।
ৰমণী পাঞ্চিল তযু স্থানে আয়লো প্ৰভু॥