পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
চতুৰ্থস্কন্ধ।

কৃষ্ণৰ বহুত ভাৰ্য্যা গৃহস্থী আশ্ৰম।
আৰু দেহত্যাগ কাৰ্য্য ইতৰ সমান॥
নৰ নাৰায়ণ দুয়ো পৌৰাণিক ঋষি।
ধৰ্ম্ম পুত্ৰ মহ৷ জন পৰম তপসী॥
নিৰাহাৰে নিষ্পৃহে ইন্দ্ৰিয় জয় কৰি।
কৰে বদৰিকে তপ বহু বৰ্ষ ধৰি॥
বিষ্ণু অংশে জাত জগতৰ শ্ৰেষ্ঠ তপী।
তান অংশে কৃষ্ণাৰ্জ্জন জনম অদ্যাপি॥
নাৰদ প্ৰমুক্ষে যত মহা ঋষি গণ।
সবাৰ উপৰ দেব নৰ নাৰায়ণ॥
হেন অংশে জন্ম কৃষ্ণ অৰ্জ্জুন সাক্ষাত।
কেনে দেহ ধাৰী ভৈল জন্মান্তৰ প্ৰাপ্ত॥
উগ্ৰ তপস্যাতে৷ দুই মুক্তি নলভিল।
পুনু কৃষ্ণাৰ্জ্জুন ৰূপে জনম পাইল॥
মুক্তি লাগি যিটোজন উগ্ৰ তপকৰে।
কোন হেতু সিটোজন য্য়োনি জন্মে মৰে॥
স্বধৰ্ম্মে থাকিলে শূদ্ৰ মৰি বৈশ্য হয়।
ধৰ্ম্ম নিষ্ঠ বৈশ্য ক্ষত্ৰিয়ত জন্ম পায়॥
স্বধৰ্ম্মী ক্ষত্ৰিয় মৰিব্ৰাহ্মণত্ব পায়।
নিস্পৃহ ব্ৰাহ্মণ ভৈলে মুকুতি লভয়॥