সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৫
শ্ৰীদেবীভাগৱত।


বৃত্ৰাসুৰ আদি যিটো লীলা য়ে বধিল।
সেহি যোগ মায়া পদে শৰণে পশিল॥
পৰম কাৰ্পূন্য ভাবে সুমধুৰ স্বৰে।
মহাভক্তি ভাৱে স্তুতি কৰে মুৰহৰে॥
ত্ৰয়োবিংশ অধ্যা পুণ্য ভাগবতপদ।
কৃষ্ণ জন্ম ৰহস্য মধুৰ বিদগদ॥
ভণিল গোপালে দেব মহন্তৰ পদে।
হৰি নাম ভেলা বান্ধা সংসাৰ সমুদ্ৰে॥


অথ কৃষ্ণ বিলাপ।
লেচাৰী।

পূৰ্ব্ব জন্মে আই বহু ঘোৰ, তপস্যা কৰিলো নিৰন্তৰ
পূজিলো তোমাক বিবিধ দ্ৰব্য অৰ্চ্চনে।
সেহি নাৰায়ণ ধৰ্ম্ম পুত্ৰ, বদৰিকা শ্ৰমে কৈলো ব্ৰত,
তান ভক্তি আবে পাসৰিলা তুমি কেনে॥
কোনো দুষ্ট জন মায়া বাদী,
হাসি খেলা কিম্বা হিংসা সাধি,
সুতিকাৰ পৰা হৰিল মোৰ বালক।