পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৪
চতুৰ্থ স্কন্ধ।

গোবিন্দক নমি ঋষি বনতে ৰহিল।
কৃষ্ণ ৰাম দুয়ো ভাই দ্বাৰকাত গৈল॥
উগ্ৰসেনে ৰাজা পাতি আনন্দে বিহৰে।
শিশুপাল হন্তে পাছে ৰুক্মিনীক হৰে॥
ৰাক্ষস বিবাহ কৰি আনিল তাহাক।
পৰে জাম্ববতী মিত্ৰ বৃন্দা বিহাইলেক॥
কালিন্দী লক্ষ্মণা ভদ্ৰা নগ্নজিতী আদি।
অস্ট মুখ্য পৃথকে বিহাইল যদুপতি॥
ইটো অষ্ট জনা মুখ্য কৃষ্ণৰ মহিষী।
প্ৰথমে জন্মিল ৰুক্মিনীৰ পুত্ৰ শশি॥

অথ প্ৰদ্যুম্ন হৰণ॥
পদ।

প্ৰদ্যুম্ন ৰুক্মিনী পুত্ৰ পৰম সুন্দৰ।
জাত কৰ্ম্ম আদি ক্ৰিয়া কৈল গদাধৰ॥
সম্বৰ অসুৰে সুতি গৃহতে হৰিল।
মায়াবী দানব আপোনাৰ ঘৰে নিল॥
দানবে হৰিল সুত কৃষ্ণ শোক মন।
ৰক্ষা হেতু দেবী পদে পশিল শৰণ॥