পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৬
চতুৰ্থ স্কন্ধ।


তুমি আদি মান ৰক্ষা মূল, ভকত তোমাৰ লজ্জা স্থল,
মান ৰক্ষাকৰি ইবাৰ তাৰিয়ো মোক॥
হে দুৰ্গা ইটো নগৰী বৰ, অতি গোপণীয় অনেক দূৰ,
তাৰ মধ্যভাগে মন্দিৰ আছয় মোৰ।
সুতিকা আগাৰ অন্তঃ পুব, আচোক বায়ূৰো নাহি ঘোৰ
তথাপিতো শিশু হৰিল দোষে আমাৰ॥
আন কোন ৰাজ্যে যোৱানাই, আচোক যাদব ঘৰে মই,
মহাবীৰ গণে সদায়ে ৰাখন্ত পুৰী।
তোমাৰেসে ইটো মায়া মাতৃ! প্ৰত্যক্ষ প্ৰমাণে কৰো দৃষ্টি
হৰিলা বালক তুমি কেনে মায়াকৰি।
অতি গূঢ় তযু চৰিত্ৰ আই, মোৰ জানিবাক শক্তি নাই,
অল্পমতি নৰে জানিবে কিৰূপে তাক।
মোহোৰ চক্ষুত দিলে ধুলি, কোনজন সিটো গৈল ছলি,
হৰিল অম্বিকা! তোমাৰ মায়া সম্যেক॥
পূৰ্ব্বে তুমি মোৰ মাতৃ গৰ্ভে, মহা যোগমায়া বল দৰ্পে,
পঞ্চম মাসতে ৰামক অন্তৰাই নিল।
ৰোহিণীৰ গৰ্ভে দিলা ৰাম, জনমাইলা তুমি পূৰ্ণ কাম,
পতি অসংযোগে দূৰতে পিতাক থৈলা॥
পিতা থাকে কংস বন্দীসালে, কিমতে ৰোহিণী গৰ্ভ পালে
পতি অসংযোগে কিমতে গৰ্ভ সম্ভব।