পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীশ্ৰীদেবী ভাগৱত।

পৃথিবীৰ জয়ঢাক দেৱতাৰো পূজ্য।
হেন জন কংস কাৰাগাৰে কেনে বদ্ধ॥
ভাৰ্য্যা দেবকীৰ সমে পোটাশালে বাস।
দৈবকীৰ ছয় পুত্ৰ কংস কৈল নাশ॥
কিবাহেতু কংসে জ্ঞাতি দ্ৰোহ আচৰিল।
হৰি বা কিহেতু পোটাশালে জন্ম ভৈল॥
কোন হেতু সব শক্তি দেব নাৰায়ণ।
গোকুলে লভিলে জন্ম কিৰূপ কাৰণ॥
অমিত তেজ শ্ৰীকৃষ্ণ জগত ঈশ্বৰ।
পিতামাতা বসুদেব দৈবকী তাহাৰ॥
জন্ম ধৰি পিতামাতা নিগড় ভঞ্জিল।
বৈকুণ্ঠৰ পৰা কেনে মোচন নকৈল॥
সকল সমৰ্থ জগৎপতি নাৰায়ণ।
তাৰ কি প্ৰাক্তন ভৈল উদৰে জনম॥
মহন্তৰো বুজিবাক নুহিকা শকতি।
কোন হেতু কৰ্ম্ম বন্ধ পায় যদুপতি॥
যেবে বাসুদেব জন্ম ধৰিবে আসিল।
কোন কন্যা সিটো কংসে আছাৰি মাৰিল॥
শিলা খণ্ডে আছাৰ মাৰিল কংস যেবে।
হাত হন্তে উড়ি অষ্ট ভুজা ভৈল তেবে॥