পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ স্কন্ধ


অসংখ্য ব্ৰহ্মাণ্ড ব্ৰহ্মা বিষ্ণু মহেশ্বৰ।
জলশায়ী বিষ্ণুৰ অধীনে মুনিবৰ॥
এহিজন নাভি পদ্মে ব্ৰহ্মাৰ উৎপত্তি।
প্ৰতি ব্ৰহ্মাণ্ডত মহা বিৰাট আকৃতি॥
প্ৰকৃতি পুৰুষ দুই যিটো মূল শক্তি।
অনন্ত ব্ৰহ্মাণ্ডেক কে ব্যাপি মহা জ্যোতি॥
ব্যাপক ঈশ্বৰ হৰি পুজে কাৰ শক্তি।
এতেকে ভজন্ত তাঙ্ক আচৰি আকৃতি॥


জন্মেজয়ৰ পূনঃ প্ৰশ্ন॥

পদ

জন্মে জয় বদতি প্ৰণামো গুৰুদেৱ।
কুলৰ তিলক সৰ্ব্ব জ্ঞানী সৰ্ব্ব সেৱ॥
আৰু কিছু পুচিবাক বাসনা আমাৰ।
অনুগ্ৰহ কৰি যদি কৰিবা উত্তৰ॥
আদি কৃষ্ণ জগন্নাথ সবাৰ আধাৰ।
কোনৰূপ কৰ্ম্মফল প্ৰাক্তন তাহাৰ॥
আৰু শূৰসেন সুত বসুদেৱ মানী।
শুনিছো তাহান পুত্ৰ প্ৰভো চক্ৰপাণী॥