পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৭
শ্ৰীদেবীভাগৱত।


স্ত্ৰী বধ পৰম পাপ অকীৰ্ত্তি ভুবনে।
কেনে ইটো কাৰ্য্য কংস বৈবাহিক দিনে॥
কোন তোৰ শত্ৰু জানি ইকথা কহিল।
ভূতৰ ভবিষ্য বাক্যে কেনে মৰ্ম্ম ভৈল॥
বসুদেব ঘৰে কিম্বা হৰি নুপোজয়।
কিম্বা দেবকীয়ে আগে যাই যমালয়॥
মায়াবাদী কোন বৈৰী ইকথা সাজিল।
ভূত হেন বাক্য কতি তোক ভয় দিল॥
যশ নষ্ট কৰিবাক বৈৰীয়ে চিন্তিল।
নকৰিব৷ পেসী বধ তুমি মহাবল॥
দৈবে যিবা হইবে তাক খণ্ডে কোন জন।
হেন জানি আগে পাৰ্প নকৰা ৰাজন॥
এহি ৰূপে বৃদ্ধা যেবে নিবৃত্তি কৰিল।
হেন কালে বসুদেবে কংলক বুলিল॥
সত্য কৰি কহো কংস ত্ৰিজগত সাক্ষী।
দৈবকীৰ পুত্ৰ যেবে জন্মিবেক আসি॥
জন্ম মাত্ৰে তোমাহাতে কৰিব অৰ্পণ।
জন্ম মাত্ৰে যদি নকৰোহো সমৰ্পণ॥
কুম্ভী পাক নৰ্ক্কে পূৰ্ব্ব পুৰুষ পড়িবে।
সত্য বুলিলোহো ইটো মিছা নাহিহবে॥