পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৬
শ্ৰী দেবীভাগৱত।

শাস্ত্ৰ মতে পাপকৰি আত্মা ৰক্ষা ধৰ্ম্ম।
প্ৰায়চিত্ত কৰি পাপ হোবয় খণ্ডন॥
মুনিয়ো কহন্ত আত্ম ৰক্ষা আদিমূল
এত ভাবি ডাগৰ খড়্গখান লৈল॥
ফাঁক হন্তে আঝুৰিয়া খড়্গপাট লৈল।
আৰু হাতে দৈবকীৰ কেশত ধৰিল॥
খড়্গ তুলি কাটিবে খোজন্তে হেন কালে।
বৰ যাত্ৰী লোক মানে দেখিল সকলে॥
হাহাকাৰ কোলাহল ভৈল গণ্ডগোল।
কিকৰ কিকৰ কংস হুইলি পাগল॥
নাকাট নাকাট বুলি ধনুৰ্ব্বাণ লই।
কংসক মাৰিবে সবে খেদি আগ হুই॥
পৌৰ্ণমাসী দেবী দেবকীক মুক্তিকৈল।
হেথা কংস ৰাজ সমে ঘোৰ যুদ্ধ ভৈল॥
কটাক্কটি লোমহৰ্ষ কাণ্ড যোৰত্তৰ।
বসুদেউক সহায় কৰিল সবে বীৰ॥
হেন কালে যদুবংশী এক বৃদ্ধা আসি।
বাৰণ কৰিল কংসে নবধিবা পেসী
বিশেষে তোমাৰ পেসী পূজনীয় জন।
নাৰী বধ কৰ কংস কিনো কুলক্ষণ॥