পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
চতুৰ্থ স্কন্ধ।

হেন শুনি আগে পাচে যতলোক ছিল।
সাধু বসুদেব বুলি কংসত কহিল॥
বসুদেব মহন্ত নকহে মিথ্যা কথা।
কেশ চাৰি দিয়া নকৰিবা নাৰী হত্যা॥
এতেক প্ৰবোধ পাই তেবে কংসৰাজ।
ক্ৰোধ ত্যাগি সত্যবাক্যে লভিল সন্তোষ।
এতহন্তে দুন্দুভী বাজিল চতুৰ্দ্দিকে।
জয় ধ্বনি কৰিলন্ত ববযাত্ৰী লোকে॥

মহাযশী মহামানী,  শূৰহেন সূতজ্ঞানী,॥
 দৈবকীক পৰিত্যাগ কৈল।
নিজ পৰি বাৰ সমে,  গৃহেগৈল অনুক্ৰমে,
 পেহাপেহী প্ৰতি ভয় ভৈল॥
বিংশআধ্যা ভাগবত,  ব্যাস দেব নিবন্ধিত,
 দৈবকী বিবাহ নাম ইটো।
গুৰুপদে কৰিসেব, ভ ণিল গোপাল দেব,
 ৰামনামে বাঞ্চা ভবসেতু॥