পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৫
চতুৰ্থ স্কন্ধ।

বৰুণৰ শাপে বসুদেব উপজিল
বৈশ্য বৃত্তি আচৰণ কুল ধৰ্ম্ম ভৈল॥
উগ্ৰসেন সুত তোলনীয়া কংসৰাজা।
দেবকৰ কন্যা ভৈল দেবকী দেবকা॥
বহুদেবে কন্যাদান কৰিল দেবক।
লগত দিলন্ত বহু বিবিধ যৌতুক॥
বিবাহ কালতে কংস শুনে স্থিৰ কৰি।
এইৰ অষ্টম গৰ্ভ তোৰ প্ৰাণ বৈৰী॥
সাবধান হুয়ো কংস দেবকীৰ লাগি।
দেবকী অষ্টম পুত্ৰ তোৰ প্ৰাণ ভাগী॥
আকাশী বাণীত যেবে ইৰূপে শুনিল।
বিস্ময় ভৈলন্ত কংস মহাভয় পাইল॥
দৈব বাণী ভৈল ইটো সবে সত্য জানি।
কি কৰিব কিহইব ভাবি নেপাও গুণি॥
শীঘ্ৰে আক মাৰিপেশো মোৰ মৃত্যু গুছে।
আন কিছু উপায় নেদেখো আত পাচে॥
সম্বন্ধতো পেসীমোৰ হয় পূজা পাত্ৰী
কিমতে ইহাঙ্ক বধো ধৰ্ম্মৰ বিৰুদ্ধি॥
পুণৰপি বিচাৰিয়া মনত পাইল।
পেসি মাৰিলত যদি মৃত্যু এৰাইল॥