পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
শ্ৰীদেবীভাগৱত

ঊনবিংশ অধ্যাপদ দেবী স্তুতিনাম।
বোলা হৰি হৰি সবে সমাজিক জন।

অবতাৰ ৰহস্য॥
পদ।

ব্যাস দেব কহেৰাজা যোগ মায়াবৰ্ত্তে।
গাড়ী চক্ৰ সম বিশ্ব ঘুৰিছে সৰ্ব্বত্ৰে॥
কৃষ্ণ অবতাৰ কথা কহিবো সংক্ষেপে।
মনুষ্য লোকত জন্ম ভৈল যেহিৰূপে॥
যমুনাৰ তীৰে পূৰ্ব্বে মধু বৃন্দাবনে।
মধু দানবৰ পুত্ৰ লৱন দুৰ্জনে॥
বৰদৰ্পে অহঙ্কাৰী বিপ্ৰ হিংসাকৰে।
শত্ৰুঘ্নৰ হাতে মৰাইলন্ত ৰঘূবৰে॥
তাহাৰ তনয় দুই পুষকৰাখ্য নামে।
তাঙ্ক ৰাজ্য দিয়া গৈল অযোধ্যাৰ ধামে॥
কালে সূৰ্য্যবংশ যেবে হইলন্ত ক্ষয়।
মথুৰাত ৰাজ৷ ভৈল যযাতি তনয়॥
শুৰসেন নামে ৰাজ৷ ভৈলন্ত তথাত।
তাৰ বীৰ্য্যে কাশ্যপৰ অংশ ভৈল জাত॥