পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৩
চতুৰ্থ স্কন্ধ।

ভৃগুশাপে বিষ্ণুজন্ম বসুদেব হত।
ময়োজন্ম হৈবো তাতে যশোদা গৰ্ভত॥
মোৰ শক্তিবলে বিষ্ণু অসুৰ নাশিব।
দেব মনুষ্যৰ সৰ্ব্বকাৰ্য্য সমাধিব॥
গকুলত পোটাসালে বিষ্ণুক জন্মাবো।
অনন্তক নিয়া ৰোহিণীৰ গৰ্ভেদিবো॥
মোৰশক্তি লই বিষ্ণু দুষ্ট সংহৰিবা।
দ্বাপৰ শেষত তুমি সবেয়ো জন্মিবা॥
ইন্দ্ৰঅংশে পাৰ্থ যমঅংশে যুধিষ্ঠিৰ।
অশ্বিণীত দুই বায়ুঅংশে বৃকোদৰ॥
বহু অংশে ভীষ্ম হুইবে গঙ্গাত জনম।
সবেজন্ম লহ ধৰা হৌক ভাৰহীন॥
তোমাৰ নিমিত্ত মাত্ৰ হুয়ো সবে দেব।
নিজশক্তি বলে আমি সবে বিনাশিব॥
কুৰু ক্ষেত্ৰে কৰিবোহো ক্ষত্ৰিয় সংহাৰ।
দ্বিজ শাপ ছলে যদুবংশ কৰোচুৰ॥
দেবসবে নিজঅংশে সহায় ভজিবা।
গকুলে মথুৰা পূৰে কৃষ্ণ ৰাজা হইবা।
এতকহি জগদ্ধাত্ৰী অন্তৰ্দ্ধ্যান ভৈল।
ব্ৰহ্মাআদি দেব নিজস্থানে চলিগৈল॥