পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫২
শ্ৰীদেবীভাগেৱত।

পাচে শুম্ভ নিশুম্ভ চণ্ড মুণ্ড ৰক্ত বীজ।
ধুম্ৰনেত্ৰ কৰা লাদি আনো মহা বীৰ্য্য॥
পৃথিবীৰ অধিপতি সিসব মাৰিলা।
দেব উপকাৰে ভূমি ভাৰ সংহৰিলা॥
আবে দুষ্ট দৈত্য যত ভৈল পৃথিবীত।
ভূমি ভাব লঘুকৰা কৰিয়ো নিপাত॥

দেবীৰ উত্তৰ॥
পদ।

দেবী কহে ময়ো পূৰ্ব্বাবধি চিত্তি আছো
অবতাৰ ধৰাইবাক মনত ভাবিছো॥
ধৰণীৰ মহাভাৰ দুষ্ট দৈত্য অংশী।
ভাৰ খণ্ডিবোহো মই সবাক বিনাশি॥
মই হীনবীৰ্য্যে কলা অবতাৰ হুইবো।
তুমিসবে কলাঅংশে জনম লভিও॥
কাশ্যপ ভাৰ্য্যাৰ সমে প্ৰজাপতি শাপে।
জনম লভিব বৃন্দাবনে গোপধামে॥
পৃথিবীৰ মধ্যে যদুকুল কীৰ্ত্তিমন্ত।
জনমিবে বহুদেব দেবকী সহিত॥